July 9, 2025 2:28 PM | PM on Namibia

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ পাঁচখন দেশ ভ্রমণসূচীৰ চূড়ান্ত পৰ্যায়ত আজি নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত হয়। বিমান বন্দৰত তেওঁক দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী ছেলমা আশ্বিপালা – মুছােিয় আদৰণি জনায়। প্রধানমন্ত্ৰী মোদীৰ সন্মানার্থে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁক পৰম্পৰাগত গৰ্বা নৃত্যৰে আদৰণি জনোৱা হয় আৰু যোগাভ্যাস প্ৰদৰ্শন কৰা হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে, নামিবিয়াক আস্থাপূর্ণ আফ্রিকীয় সহযোগী দেশ বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে দেশখনৰ সৈতে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ প্ৰতি ভাৰতবৰ্ষ আগ্রহী। নামিবিয়াৰ সংসদত আজি দেশখনৰ ৰাষ্ট্ৰপতি ড০ নেটুম্বো নান্দি ন্‌ডৈটৱাক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ভ্রমণকালত ভাৰত ভাৰত আৰু নামিবিয়াৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব। আলোচনাৰ অন্তত শক্তি সুৰক্ষা, স্বাস্থ্য সেৱা আৰু ভেষজকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। শ্রীমোদীয়ে ভ্রমণ কালত দেশখনৰ প্ৰতিষ্ঠাপক তথা প্ৰথম ৰাষ্ট্ৰপতি প্রয়াত ড° চেম নুজোমালৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিব। ইয়াৰ উপৰি দ্বিপাক্ষিক সম্পর্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে শ্রীমোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ’ব। পাছত শ্ৰীমোদীয়ে দেশখনৰ সংসদত ভাষণ দিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।