প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ দি জেনেৰিঅ’ৰ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ দি জেনেৰিঅ’ত আজি নিশা আৰম্ভ হ’বলগীয়া ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ব্ৰিকছ সদস্য-ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সপ্তদশ ব্রিকছ শীর্ষ সন্মিলনত আন্তর্জাতিক প্ৰশাসনীয় সংস্কাৰ, পৰিবেশ পৰিৱৰ্তন সম্পৰ্কীয় প্ৰত্যাহ্বান তথা কৃত্রিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হ’ব। এই সন্মিলনত স্বাস্থ্য, কৃত্রিম বুদ্ধিমত্তাৰ ইতিবাচক ব্যৱহাৰৰ পৰা আৰম্ভ কৰি আন্তৰ্জাতিক সমস্যা সমাধান, পৰিবেশ পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ উদ্দেশ্যে প্রয়োজন হোৱা বিত্তৰ বাবে বহুপাক্ষিক বেংকসমূহৰ সংস্কাৰ আদি ক্ষেত্ৰত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এটা ৰূপৰেখা প্ৰস্তুত কৰিব বিচৰা হৈছে। তদুপৰি এই সন্মিলনৰ জৰিয়তে সমতাপূর্ণ সর্বাত্মক আন্তর্জাতিক প্রশাসন গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিও কিছু পদক্ষেপ গ্ৰহণ কৰা হ’ব। এই শীৰ্ষ সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। দুদিনীয়া এই সন্মিলনৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰাছিলিয়া ভ্ৰমণ কৰিব। উল্লেখযোগ্য যোৱা ছটা দশকৰ ভিতৰত এয়া হ’ব কোনো ভাৰতীয় প্রধানমন্ত্রী প্রথম ব্রাছিলিয়া ভ্রমণ। প্রধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা ছিলভাৰ সৈতে দেশ দুখনৰ মাজৰ কৌশলগত মিত্ৰতা গভীৰ কৰি তোলাৰ উদ্দেশ্যে বৈঠকত মিলিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।