ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 18, 2025 7:30 PM | PM in Croatia

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে ক্ৰোৱেছিয়াৰ জাগ্রেবত উপস্থিত

ক্ৰয়েছিয়া আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ এটা নতুন অধ্যায় হিচাপে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে জাগ্রেবত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে দেশ দুখনৰ মাজত কৌশলগত সহযোগিতা গভীৰ কৰাৰ লগতে মূল খণ্ডসমূহত চুক্তি আৰু সাংস্কৃতিক কূটনীতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ক্ৰয়েছিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, কৃষি, শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত বৃহৎ চুক্তি স্বাক্ষৰ কৰিব। বৈজ্ঞানিক সহযোগিতাৰ কাৰ্যসূচীয়ে যৌথ গৱেষণা আৰু জ্ঞানৰ বিনিময়ত উৎসাহিত কৰিব। এক বিস্তৃত কৃষি চুক্তিয়ে ৩০ টা অগ্ৰাধিকাৰ ক্ষেত্ৰ সামৰি লব। পৰিবেশ্য কলা, সংগ্ৰহালয়, পুৰাতত্ব আৰু সংবাদ মাধ্যমক সামৰি ২০৩০ চনলৈকে সাংস্কৃতিক বিনিময় কাৰ্যসূচী বৃদ্ধিৰ ক্ষেত্ৰতো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। জাগ্রেব বিশ্ববিদ্যালয়ত হিন্দী বিভাগ প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতৰ ভাষিক আৰু শৈক্ষিক প্ৰসাৰৰ আশা কৰা হৈছে। সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আসন লাভ কৰাৰ বাবে ক্ৰয়েছিয়াৰ পৰা সমৰ্থন পোৱাত প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে সহায় কৰিব। ভাৰত-ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি, ইউৰোপ, মধ্যপ্রাচ্য আৰু ভাৰতৰ মাজত সংযোগ কৰিড’ৰ বহল কৰাৰ ক্ষেত্ৰতো প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ৰয়েছিয়া ভ্রমণে সুদূৰপ্ৰসাৰি প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।