প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত চাইপ্ৰাছত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি চাইপ্ৰাছত উপস্থিত হৈছে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোজ খ্রিষ্ট ডৌলিডেছে শ্রীমোদীক লানাকা আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায়। দুয়োগৰাকী নেতাই লেমেচচত দুয়োখন দেশৰ উদ্যমীসকলৰ সৈতে বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল তথা স্থানীয় বাসিন্দাসকলে প্রধানমন্ত্ৰী মোদী আদৰণি জনাবলৈ আগ্ৰহেৰে ৰৈ থকা পৰিলক্ষিত হৈছে। শিক্ষার্থী, বৃত্তিধাৰী তথা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্রধানমন্ত্ৰী মোদীৰ এই ভ্রমণক দুয়োখন দেশৰ ত্বৰান্বিত মিত্ৰতাৰ প্ৰতিফলন হিচাপে গ্ৰহণ কৰিছে। শ্রীমোদীয়ে কাইলৈ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে নিকোচিয়াত দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই বৈঠকত আঞ্চলিক নিৰাপত্তা, ডিজিটেল খণ্ডৰ সহযোগিতা, শিক্ষা, বিনিয়োগ তথা বাণিজ্যকে ধৰি বিভিন্ন উল্লেখনীয় বিষয়সমূহ আলোচনা কৰা হব। দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় সংঘৰ মিত্ৰতা, ভাৰত মধ্যপ্রাচ্য ইউৰোপ অৰ্থনৈতিক কৰিড’ৰকে ধৰি আন্তৰাষ্ট্ৰীয় গুৰুত্বৰ বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰিব । তদুপৰি দুয়োগৰাকী নেতাই নিকচিয়া টাউলহল পৰিদৰ্শন কৰাৰ অন্তত চাইপ্ৰাছত থকা ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰিব। জি চেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে শ্রীমোদী কানাডালৈ যোৱাৰ পূৰ্বে কাইলৈ তেওঁৰ সন্মানত ৰাষ্ট্ৰপতি ভৱনত বিশেষ ভোজমেলৰ আয়োজন কৰা হৈছে। ভাৰত আৰু চাইপ্ৰাছৰ মিত্ৰতাত এই ভ্রমণে তাৎপর্য বহন কৰাৰ লগতে দুয়োখন দেশৰ মাজত অর্থনৈতিক, সাংস্কৃতিক, কৌশলগত মিত্ৰতা অধিক গভীৰ কৰি সহযোগিতাৰ নতুন দিগন্ত উন্মোচন কৰিব বুলি আশা কৰা হৈছে।