প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰ কেইখনক ভাৰতৰ সন্ত্রাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমর্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰ কেইখনক ভাৰতৰ সন্ত্রাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমর্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ। তেওঁ লগতে কয়, যে এই ভ্রমণে সকলো ধৰণৰ সন্ত্ৰাসবাদক উৎখাত কৰাৰ বাবে বিশ্বত সজাগতা সৃষ্টিত সহায় কৰিব। প্ৰধানমন্ত্রীয়ে আজি চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ বাবে ৰাওনা হয়। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁ চাইপ্ৰাছত উপস্থিত হ’ব। আজি পুৱা চাইপ্ৰাছ অভিমুখে নতুন দিল্লী এৰাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰীয়ে কয়, যে তেওঁৰ এই ভ্রমণে চাইপ্ৰাছৰ সৈতে থকা ভাৰতৰ ঐতিহাসিক সম্বন্ধ শক্তিশালী কৰাৰ সুবিধা দিব। এই ভ্রমণে দেশখনৰ সৈতে বাণিজ্য, বিনিয়োগ, নিৰাপত্তা, প্রযুক্তি আৰু জনসংযোগৰ দৰে বিষয়ত সম্বন্ধ সম্প্ৰসাৰিত কৰিব বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। চাইপ্ৰাছক ভাৰতৰ ঘনিষ্ঠ বন্ধু হিচাপে অভিহিত কৰি তেওঁ কয়, যে চাইপ্ৰাছ ভূমধ্য সাগৰীয় অঞ্চল আৰু ইউৰোপীয় সংঘৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। প্রধানমন্ত্রীয়ে কয়, যে কানাডাত হবলগীয়া জি ছেভেন সন্মিলনে বিভিন্ন গোলকীয় বিষয় আৰু গ্লোবেল ছাউথৰ সমস্যৱলীৰ ক্ষেত্ৰত মত বিনিময়ৰ সুযোগ দিব। শ্রীমোদীয়ে ভাৰত আৰু ক্ৰয়েচিয়াৰ মাজত থকা শতিকা পুৰণি সাংস্কৃতিক সম্বন্ধতো আলোকপাত কৰে। তেওঁ কয়, যে তেওঁৰ ক্ৰয়েছিয়া ভ্রমণে দুয়োখন দেশৰ মাজত উমৈহতীয়া স্বার্থজড়িত বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিব। চাইপ্ৰাছ ভ্ৰমণৰ সময়ছোৱাত শ্রীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি নিকোজ খ্ৰিষ্টড’লিডেছক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, শিক্ষা, সাগৰীয় সহযোগিতা, ডিজিটেল যোগাযোগ আৰু আঞ্চলিক সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ বিস্তৃত আলোচনাত মিলিত হোৱাৰ আশা আছে। চাইপ্ৰাছত থকা ভাৰতৰ উচ্চায়ুক্ত মনিশে আকাশবাণীক জনাই যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কক নতুন গতি আৰু শক্তি দিব। তেওঁ কয় যে, ভাৰত আৰু চাইপ্ৰাছ, বাণিজ্য আৰু নৌপথেৰে ঐতিহাসিকভাৱে যুক্ত হৈ আছে। তেওঁ কয়, যে চাইপ্ৰাছৰ ২০৩৫ চনৰ বাবে ৰাষ্ট্ৰীয় দৃষ্টিভংগী আছে আৰু ভাৰত ২০৪৭ চনৰ বিকশিত ভাৰতৰ পিনে ধাৱমান হৈ আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।