ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছেঃ ৰিজিজু

কেন্দ্ৰই গঠন কৰি দিয়া সর্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দূৰৰ খতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব। লেহ ভ্ৰমণকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছে। লে’হৰ শ্ৰদ্ধাঞ্জলি উদ্যানত ১৯ সংখ্যক কুশক বকুলা ৰিনপোচেৰ এটা প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়াইছে। অনুষ্ঠানটোৰ
প্ৰসংগত মন্তব্য কৰি কিৰেণ ৰিজিজুৱে কয় যে নিপোচেৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই তেওঁ সুখী অনুভৱ কৰিছে। উল্লেখযোগ্য যে বকুলা ৰিনপোচে লাডাখৰ এগৰাকী উল্লেখযোগ্য আধ্যাত্মিক তথা ৰাজনৈতিক নেতা আছিল। দুটা কাৰ্যকালৰ বাবে মংগোলীয়ৰ ৰাষ্ট্রদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰিনপোচেই ১৯১৮ চনত পদ্ম ভূষণ সন্মান লাভ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক