প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ জামনগৰত থকা বনতাৰা নামৰ জীৱজন্তু উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট ভ্ৰমণৰ অংশ হিচাপে জামনগৰত থকা বনতাৰা নামৰ জীৱজন্তু উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন কৰে। জিলাখনৰ ৩ হাজাৰ একৰ ভূমিত স্থাপন কৰা বনতাৰা হৈছে জীৱজন্তু উদ্ধাৰ, সংৰক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ। শ্ৰীমোদীয়ে তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ উদ্দেশ্যে কালি সন্ধিয়া জামনগৰত উপস্থিত হয়। প্রধানমন্ত্রী মোদীয়ে আজি সোমনাথ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। সোমনাথ মন্দিৰ দৰ্শনৰ পাছত শ্ৰীমোদী গীৰ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কাৰ্যালয় ছাচনত উপস্থিত হৈ শ্ৰীসোমনাথ ন্যাসৰ এখন বৈঠকত অধ্যক্ষতা কৰিব। এই ন্যাসে বিশ্ববিখ্যাত সোমনাথ মন্দিৰ পৰিচালনা কৰি আহিছে। কাইলৈ শ্ৰীমোদীয়ে এছীয় সিংহৰ শেষ বিচৰণ ভূমি গীৰ ৰাষ্ট্ৰীয় উদ্যানত চাফাৰী কৰিব। শ্রীমোদীয়ে ছাচনত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰি বন্যপ্ৰাণী সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়সমূহ আলোচনা কৰিব। এই পৰিষদে প্রধানমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ বন্যপ্রাণী আৰু বনাঞ্চলৰ সংৰক্ষণ আৰু উন্নয়নৰ হকে কাম কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।