ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সর্ববৃহৎ Globel Mobility Expo অর্থাৎ আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰে। এই মেলাৰ মূল বিষয়বস্তু হৈছে সীমাৰ উৰ্ধত : ভৱিষ্যতৰ মটৰগাড়ী মূল্য শৃংখলাৰ সহ নির্মাণ। এই দৃষ্টিভংগীৰ মূল উদ্দেশ্যে হৈছে বহনক্ষম আৰু অত্যাধুনিক কাৰিকৰী অগ্ৰগতিত গুৰুত্ব আৰোপ কৰি মটৰগাড়ী আৰু আহ-যাহ ক্ষেত্ৰত সহযোগিতা আৰু উদ্ভাৱনৰ প্ৰসাৰ সাধন কৰা । অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে কয়, যে ভাৰত Globel Mobility Expo অট’ম’বাইল আৰু ইয়াৰ সৈতে জড়িত বাণিজ্যখণ্ডৰ দ্বিতীয় সর্ববৃহৎ কাৰ্যসূচী হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয়, যে ভাৰত তিনিচকীয়া বাহন আৰু ট্ৰেক্টৰৰ সৰ্ববৃহৎ নিৰ্মাণকাৰী দেশ হিচাপে পৰিগণিত হৈছে। ছদিনীয়াকৈ আয়োজন কৰা এই মেলা নতুন দিল্লী আৰু গ্ৰেটাৰ নয়ডাৰ তিনিটা পৃথক স্থানত অনুষ্ঠিত হৈছে।