প্রধানমন্ত্ৰী জন-আৰোগ্য যোজনা আয়ুষ্মান ভাৰতে আজি সাত বছৰ সম্পূৰ্ণ কৰিছে। ২০১৮ চনত ঝাৰখণ্ডৰ ৰাঁচীত মুকলি কৰা এই যোজনাখন বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী সাহায্যপ্রাপ্ত স্বাস্থ্য সুৰক্ষা আঁচনি হিচাপে পৰিগণিত হৈছে। প্ৰাথমিক আৰু কম জটিল ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ ক্ষেত্ৰত প্ৰতিটো পৰিয়ালক ৫ লাখকৈ টকাৰ স্বাস্থ্য সেৱা আগবঢ়োৱাই এই আঁচনিৰ মূল লক্ষ্য। আঁচনিখনে দেশৰ ১২ কোটিতকৈও অধিক পৰিয়ালৰ প্ৰায় ৫৫ কোটি হিতাধিকাৰীক সামৰি লৈছে।
সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কৈছে, যে চৰকাৰ, স্বাস্থ্য কর্মী আৰু জনসাধাৰণৰ উমৈহতীয়া প্ৰয়াসৰ ফলতে আয়ুষ্মান ভাৰত আঁচনিয়ে অভূতপূর্ব সফলতা লাভ কৰিছে। উল্লেখযোগ্য যে, ৫৫ কোটিতকৈও অধিক হিতাধিকাৰী আয়ুষ্মান ভাৰত আঁচনিয়ে দেশত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে। যোৱা ৭ বছৰত ১০ কোটিতকৈও অধিক ৰোগীয়ে এই আঁচনিৰ অধীনত স্বাস্থ্য সেৱা সুবিধা লাভ কৰিবলৈ সমৰ্থ হৈছে। ২০২২ চনত এই আঁচনিৰ অধীনত ১২ কোটি পৰিয়ালক সামৰি লোৱা হৈছিল। ২০২৪ চনত আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গকো এই আঁচনিৰ অধীনত সামৰি লোৱা হয়। যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা ৭০ বছৰ বয়সৰ ঊৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকক আয়ুষ্মান ৱে বন্দনা কাৰ্ডৰ জৰিয়তে এই আঁচনিত সামৰি লোৱা হৈছে। শেহতীয়াকৈ অংশকালীন আৰু ঠিকাভিত্তিক কৰ্মীসকলকো হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সমগ্ৰ দেশতে ১ লাখ ৮০ হাজাৰতকৈও অধিক আৰোগ্য মন্দিৰ কাৰ্য্যক্ষম হৈ আছে। এই কেন্দ্ৰসমূহে দেশৰ জনসাধাৰণক সুৰক্ষিত, বিশ্বাসযোগ্য আৰু উন্নত মানৰ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।
Site Admin | September 23, 2025 8:36 PM | PMJAY 7 years
প্রধানমন্ত্ৰী জন-আৰোগ্য যোজনা আয়ুষ্মান ভাৰতৰ সাত বছৰ সম্পূৰ্ণ