সক্ৰিয় শাসন আৰু নিৰ্ধাৰিত সময়ত আঁচনি ৰূপায়ণৰ বাবে প্রধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ প্ৰগতিৰ ৫০ সংখ্যক বৈঠকৰ সফলতাৰ উল্লেখযোগ্য মাইলৰ খুঁটি ৰূপে বিবেচিত হৈছে। ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰগতি আৰম্ভ কৰাৰ পিছৰে পৰা এই কাৰ্যসূচীৰ অধীনত প্রধানমন্ত্ৰীৰ দ্বাৰা প্ৰত্যেক্ষ পর্যালোচনাৰ জৰিয়তে আন্তঃগাঁথনিমূলক প্রকল্প আৰু জনসাধাৰণৰ অভিযোগসমূহৰ নিৰীক্ষণ আৰু সমাধান কৰি শাসন ব্যৱস্থাৰ ৰূপান্তৰ কৰা হৈছে। এই মঞ্চই সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ উদাহৰণ দাঙি ধৰাৰ লগতে কেন্দ্ৰ, ৰাজ্য, আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ক একত্ৰিত কৰে। এটা দশক ধৰি প্ৰগতিয়ে সিদ্ধান্ত গ্রহণ ত্বৰান্বিত কৰাত সহায় কৰিছে, আন্তঃগাঁথনি প্রকল্পসমূহত বিলম্ব হোৱা সমস্যাসমূহৰ সমাধানত সহায় কৰিছে আৰু শক্তিশালী সংস্কৃতি গঢ়ি তুলিছে। ৰেল মন্ত্ৰালয়ৰ জবলপুৰৰ পৰা গণ্ডিয়ালৈ মিটাৰগজক ব্ৰদগজলৈ পৰিৱৰ্তন প্রকল্প ইয়াৰ উৎকৃষ্ট উদাহৰণ।
এই প্রকল্পই প্রায় ২৮৫ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি লৈছে। দেশৰ মধ্য অংশত ৰে’ল সংযোগ সুদঢ় কৰাৰ বাবে প্ৰায় ১৯৯১ কোটি টকা ব্যয় সাপেক্ষে প্রকল্পটো অনুমোদন দিয়া হৈছিল। প্ৰকল্পটোৰ অধীনত বালাঘাট কাটাংগী অংশকে ধৰি মিটাৰ-গজ পথছোৱা ব্ৰড গেজলৈ পৰিৱৰ্তন কৰা হৈছিল। এই পৰিৱৰ্তনে কৃষি উৎপাদন, বনভিত্তিক কার্যকলাপ আৰু খনিজ পদার্থ থকা জিলাসমূহক বিশেষভাৱে সহায় কৰে। ২০১৬ চনৰ মাৰ্চ মাহত প্ৰগতি কাৰ্যসূচীৰ অধীনত এই প্রকল্প গ্ৰহণ কৰা হৈছিল।
Site Admin | January 11, 2026 11:29 AM | Pragati
প্রধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ প্ৰগতিৰ ৫০ সংখ্যক বৈঠকৰ সফলতা