March 7, 2025 10:22 AM | PM Visit

printer

প্রধানমন্ত্ৰীৰ গুজৰাট আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদা, নগৰ হাৱেলী তথা দমন আৰু দিউৰ দুদিনীয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদা, নগৰ হাৱেলী তথা দমন আৰু দিউৰ দুদিনীয়া ভ্ৰমণ আৰম্ভ কৰিব। শ্রী মোদীয়ে গুজৰাটৰ সুৰত আৰু নৱসাৰী তথা দমনৰ সিলৱাসাত কেইবাটাও কাৰ্যসূচীত ভাগ ল’ব। আজি পুৱা তেওঁ দমন আৰু দিউৰ সিলৱাসা আৰু দাদৰা নগৰ হাৱেলীত দুহেজাৰ ৫৮৭ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। সিলৱাসাত প্ৰধানমন্ত্ৰীয়ে ৪৫০ খন বিছনাযুক্ত নমো হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে জনসভাত ভাষণো দিব। সুৰতত তেওঁ সুৰত খাদ্য সুৰক্ষা অভিযানৰ শুভাৰম্ভণি কৰিব। সুৰতৰ ২ লাখ হিতাধিকাৰী প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ দ্বাৰা উপকৃত হ’ব।
কাইলৈ প্ৰধানমন্ত্ৰীয়ে আন্তর্জাতিক মহিলা দিৱস উপলক্ষে নৱসাৰিত লাখপতি দি দি সন্মিলনত অংশ লৈ ২৫ হাজাৰৰো অধিক আত্মসহায়ক গোটৰ আঢ়ৈ লাখ মহিলালৈ ৪৫০ কোটিৰো অধিক ধনৰাশি বিতৰণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।