প্রধানমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ হাজাৰ শিল্পীয়ে গুৱাহাটীৰ সৰুসজাইত বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা পৰিবেশন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা নৱেম্বৰৰ শেষৰফালে ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ হাজাৰ শিল্পীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ প্ৰধান লোকনৃত্য বাগুৰুম্বা পৰিবেশন কৰিব। ১০ হাজাৰ মহিলা নৃত্যশিল্পী আৰু এহেজাৰ পুৰুষ বাদ্যশিল্পীয়ে পৰিবেশন কৰিবলগীয়া এই অনুষ্ঠানটোক বাগুৰুম্বা দ’হৌ ৰূপে নামকৰণ কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি জনতা ভৱনত অনুষ্ঠিত এখন সভাত বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰস্তাৱিত নৃত্যানুষ্ঠানটিৰ বিষয়ে আলোচনা কৰাৰ লগতে বিশেষজ্ঞসকলে অনুষ্ঠানটিৰ বাবে প্ৰস্তুত কৰা সংগীতত অনুমোদন জনায়। উল্লেখযোগ্য যে, বাগুৰুম্বা নৃত্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজন কৰিবলৈ লোৱা এই অনুষ্ঠানৰ বাবে অহা দুমাহৰ ভিতৰতে শিল্পী, ওজা, প্রশিক্ষক আদি চূড়ান্ত কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।