ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 2, 2024 3:46 PM | israel hamas

printer

প্রধানমন্ত্রী বেঞ্জামিন নেত্যানয়াহুৱে হামাছৰ সৈতে যুদ্ধবিৰতি কৰাৰ দাবীত হাজাৰৰো অধিক লোকৰ প্ৰতিবাদ

গাজাত পণবন্দী হৈ থকা লোকসকল সুকলমে ঘূৰি আহিবৰ বাবে প্রধানমন্ত্রী বেঞ্জামিন নেত্যানয়াহুৱে হামাছৰ সৈতে যুদ্ধবিৰতি কৰাৰ দাবীত কালি সমগ্ৰ ইজৰাইলতে হাজাৰৰো অধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে পণবন্দী হৈ থকা ছজন লোকৰ উদ্ধাৰ কৰা বুলি কালি পুৱা ঘোষণা কৰাৰ পাছত এই প্রতিবাদ আৰম্ভ হয়। ৰাতিলৈকে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে। টেল আভিভত থকা ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুখ্য কাৰ্যালয় থকা কিৰিয়া সামৰিক ছাউনীৰ বাহিৰত ভালেমান প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়ত দেশখনৰ সংগ্ৰহালয়, বিশ্ববিদ্যালয়, ৰেষ্টুৰেণ্ট, চিনেমাগৃহ আদিকে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকে। শ্রমিক নেতাসকলে এদিনৰ বাবে আজি দেশখনত প্ৰতিবাদৰ আহ্বান জনাইছে।