November 6, 2024 7:39 PM | Bidyalakshmi Scheme

printer

প্রধানমন্ত্রী বিদ্যালক্ষ্মী আঁচনিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে মেধাৱী শিক্ষার্থীসকলক বিত্তীয় সাহায্য প্ৰদানৰ উদ্দেশ্যে প্রধানমন্ত্রী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন জনাইছে। নতুন দিল্লীত আজি কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, বিদ্যার্থীসকলে উচ্চ শিক্ষা লাভৰ বাবে অতিৰিক্ত বন্ধকী অবিহনে ঋণ লাভ কৰিব পাৰিব। তেওঁ কয় যে, বিত্তীয় অন্তৰায়ে যাতে দেশৰ যুৱ প্ৰজন্মক গুণগত উচ্চ শিক্ষা আহৰণত বাধা প্ৰদান কৰিব নোৱাৰে তাৰ বাবে এই আঁচনি প্ৰৱৰ্তন কৰা হৈছে। এই আঁচনি অনুসৰি ৭ লাখ ৫০ হাজাৰ টকাৰ ঋণৰ ক্ষেত্ৰত চৰকাৰে ৭৫ শতাংশ ঋণৰ নিশ্চয়তা প্ৰদান কৰিব। ৮ লাখ টকা পর্যন্ত ছাত্ৰ-ছাত্ৰীয়ে মৰ্টেৰিয়াম আৰু অৰ্থাৎ দেনা স্থগিতৰ কালত ১০ লাখ টকালৈকে ঋণৰ সূদৰ ক্ষেত্ৰত ৩ শতাংশ ৰেহাই লাভ কৰিব। এই আঁচনিৰ জৰিয়তে ৭ লাখ শিক্ষার্থী উপকৃত হ’ব বুলি আশা কৰা হৈছে। আঁচনিখনৰ সুবধা গ্ৰহণৰ বাবে প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পৰা যাব ।