প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোহান্সবার্গত দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি জোহান্সবার্গত অনুষ্ঠিত জি-২০ সন্মিলনৰ সুযোগতে দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দক্ষিণ আফ্রিকাই লোৱা প্ৰচেষ্টাৰ শলাগ লয়। দুয়োগৰাকী নেতাই উভয় ৰাষ্ট্ৰৰ মাজৰ সম্বন্ধৰ ভেটি স্বৰূপ ঐতিহাসিক সম্পৰ্কৰ বিষয়ে স্মৰণ কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ বিষয়েও পর্যালোচনা কৰে। গোলকীয় দক্ষিণৰ কণ্ঠ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে একেলগে কাম কৰাৰ বাবেও নেতা দুগৰাকীয়ে সহমত প্রকাশ কৰে। বাণিজ্য আৰু বিনিয়োগ, খাদ্য সুৰক্ষা, দক্ষতা বিকাশ, খনি, যুৱ বিনিময় আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্কৰ দৰে খণ্ডসমূহত লাভ কৰা সাফল্যৰ বাবে দুয়োগৰাকী নেতাই সন্তোষ ব্যক্ত কৰে। তেওঁলোকে কৃত্রিম বুদ্ধিমত্তা, ডিজিটেল, ৰাজহুৱা আন্তঃগাথনি, জটিল খনিজাত দ্রব্য আদিৰ দৰে বিষয়ত সহযোগিতা অধিক গভীৰ কৰি তোলাৰ বিভিন্ন উপায় সন্দৰ্ভতো পর্যালোচনা কৰে। দক্ষিণ আফ্রিকাত ভাৰতীয় কোম্পানীসমূহৰ বৰ্ধিত উপস্থিতিক দুয়োগৰাকী নেতাই আদৰণি জনোৱাৰ লগতে আন্তঃগাথনি, প্রযুক্তি, উদ্ভাবন, খনি আৰু ষ্টার্ট আপ পৰিস্থিতি তন্ত্ৰৰ দৰে খণ্ডত বিশেষভাৱে পাৰস্পৰিক বিনিয়োগ বৃদ্ধি কৰাৰ বাবে সন্মতি জনায়। প্রধানমন্ত্রী মোদীয়ে ভাৰতত ছিটা বাঘৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আগবঢ়োৱা সমর্থনৰ বাবেও দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি ৰামাফোচাক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্সত অংশগ্ৰহণৰ বাবেও তেওঁক আমন্ত্রণ জনায়। প্রধানমন্ত্রীয়ে আই বি এছ এ নেতাসকলৰ বৈঠক আয়োজনৰ বাবে দক্ষিণ আফ্রিকাই গ্ৰহণ কৰা পদক্ষেপকো প্রশংসা কৰে। ৰাষ্ট্ৰপতি ৰামাফোচাই ২০২৬ ত ভাৰতৰ অধ্যক্ষতাত হ’বলগীয়া ব্রীকচ সন্মিলনৰ ক্ষেত্ৰতো দক্ষিণ আফ্রিকাৰ পূৰ্ণ সমর্থন থাকিব বুলি নিশ্চিতি দিয়ে।