প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ডেৰাদুনত ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে শ্রী মোদীয়ে ৮১৪০ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহ খোৱাপানী, জলসিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ক্রীড়া আৰু দক্ষতা বিকাশকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে জড়িত। প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শ্রী মোদীয়ে ২৮ হাজাৰৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ ৬২ কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্য মুকলাই দিয়ে। শ্রী মোদীয়ে কয়, যে ৯ নৱেম্বৰৰ দিনটো উত্তৰাখণ্ডৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফল। এই উপলক্ষে প্রধানমন্ত্রীয়ে এটা স্মাৰক ডাক টিকতো মুকলি কৰে। উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা হোৱাৰ ৰূপালী জয়ন্তী উপলক্ষে প্রধানমন্ত্রীয়ে এখন সমাবেশত ভাষণ দি জনসাধাৰক অভিনন্দন জনায়। যোৱা ২৫ টা বছৰত ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূর্ণ উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে বুলিত্ত তেওঁ উল্লেখ কৰে। শ্রী মোদীয়ে ৰাজ্যখনৰ সামৰ্থ সম্প্ৰসাৰিত কৰাটোত গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰে। প্রধানমন্ত্রী কয়, যে দ্বৈত ইঞ্জিনৰ চৰকাৰখনে ৰাজ্যখনক উন্নয়নৰ এক নতুন উতাত উপনীত কৰাবলৈ নিৰন্তৰ কাম কৰি আছে বুলি প্রকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ স্থানীয় সামগ্রীসমূহ ভোকেল ফ’ৰ লোকেল অর্থাৎ স্থানীয় সামগ্রী ব্যৱহাৰ অভিযানৰ সৈতে জড়িত আৰু ৰাজ্যখনৰ ১৫ টা কৃষিজাত সামগ্রীয়ে জি আই টেগ অর্থাৎ ভৌগোলিক সূচাংক লাভ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পূর্বে প্রধানমন্ত্রীয়ে এখন প্রদর্শনী পৰিদৰ্শন কৰি বিভিন্ন অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে।
Site Admin | November 9, 2025 7:56 PM | PM Modi Uttarakhand Visit
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উত্তৰাখণ্ডৰ ডেৰাদুনত ৮১৪০ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন