ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি উত্তৰাখণ্ডত ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উত্তৰাখণ্ডৰ ৰাজ্য গঠনৰ ৰূপালী জয়ন্তী উপলক্ষে আযোজিত এটা অনুষ্ঠান অংশগ্ৰহণ কৰাৰ উদ্দেশে আজি ডেৰাডুণলৈ যাব। ভ্রমণকালত প্রধানমন্ত্রীয়ে এটা স্মাৰক ডাক টিকট মুকলি কৰিব আৰু এখন সমাবেশত ভাষণ দিব। শ্রীমোদীয়ে লগতে ৯৩০ কোটিৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰিব আৰু ৭২০০ কোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহ খোৱা পানী যোগান, জল সিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ক্রীড়া আৰু দক্ষতা বিকাশৰ সৈতে জৰিত। ভ্রমনকালত শ্রীমোদীয়ে প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত ২৮ হাজাৰৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ ৬২ কোটি টকা হস্তান্তৰ কৰিব।