ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 9, 2025 11:44 AM | PM Modi Bhutan visit

printer

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে ভুটানলৈ যাব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে ভুটানলৈ যাব। ভ্রমণকালত শ্রী মোদী আৰু ভুটানৰ ৰজা জিগমে খেছৰ নামগিয়াল বাংছুকে ১০২০ মেগাৱাট উৎপাদন ক্ষমতা সম্পন্ন পুনাতছাংছু-টু জলবিদ্যুৎ প্রকল্প মুকলি কৰিব। এই প্রকল্প ভাৰত আৰু ভুটানে যুটীয়াভাবে বিকশাই তুলিছে। প্রধানমন্ত্রীয়ে লগতে ভূটানৰ চতুৰ্থ ৰজা জিগমে ছিংগ্যে বাংচুকৰ ৭০ সংখ্যক জন্মবার্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰিব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী ছেৰিং টোবগেক সাক্ষাৎ কৰিব।

ইয়াৰ উপৰি শ্রী মোদীয়ে গোলকীয় শান্তি প্রার্থনা মহোৎসৱত ভাগ ল’ব আৰু থিম্ফৰ টাম্বিছোঙত পবিত্ৰ অৱশেষৰ পূজা-অর্চনা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে প্রধানমন্ত্রী মোদীৰ এই ভ্রমণে দুয়ো পক্ষকে দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰা আৰু পাৰস্পৰিক স্বাৰ্থ জড়িত আঞ্চলিক তথা বিভিন্ন বিষয়লৈ মত বিনিময় কৰাৰ সুযোগ প্রদান কৰিব।