প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্ৰয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্রীমোদীয়ে লগতে সকলোকে উৎসৱৰ সময়ত ক্রয় কৰা সামগ্ৰীসমূহৰ বিষয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈও আহ্বান জনায়। এনে ব্যবস্থাই আনকো এনে পদক্ষেপ ল’বলৈ অনুপ্রাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে। মাই গভ ইণ্ডিয়াৰ এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই ভাৰতত উৎপাদিত সামগ্রী ক্ৰয় কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রী মোদীয়ে ‘গর্ব ছে কহো য়ে স্বদেশী হেয়’ বাৰ্তাৰে উজ্জীবিত হ’বলৈ সকলোকে আহ্বান জনায়।
সমগ্র দেশজুৰি থলুৱা উদ্যোগ আৰু কলাকুশলীসকলৰ বিকাশৰ বাবে চলি থকা অভিযানৰ মাজতে প্রধানমন্ত্রীৰ এই আহ্বানে আত্মনিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক সৱলীকৰণৰ বাৰ্তা বহন কৰিছে। এই পদক্ষেপৰ প্রতি সমর্থন জনাই মাই গভ ইণ্ডিয়াই দীপাৱলী উদযাপন আৰু স্বদেশী সৱলীকৰণ শীর্ষক এটা বিশেষ অভিযান মুকলি কৰিছে। এই অভিযানৰ জৰিয়তে থলুৱা কাৰুশিল্পী সকলক সমর্থনৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। প্রধানমন্ত্রী মোদীয়ে তেওঁৰ বাৰ্তাত দেশবাসীক ভ’কেল ফৰ লোকেল মন্ত্ৰৰে আগবাঢ়িবলৈ অনুপ্রাণিত কৰে। দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে গভীৰভাৱে সংপৃক্ত হৈ থকা স্বদেশী অভিযানে শেহতীয়াকৈ চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ জৰিয়তে পুনৰ গতি লাভ কৰে। থলুৱা সামগ্ৰীৰ প্ৰসাৰৰ জৰিয়তে এই অভিযানে থলুৱা অর্থনীতিৰ বিকাশ, নিয়োগ সৃষ্টি আৰু আমদানিৰ ওপৰত থকা নিৰ্ভৰলশীলতা হ্রাস কৰাৰ প্ৰয়াস কৰিছে।