প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আজি বাক্সা জিলাৰ মুছলপুৰত আয়োজিত এখন সংবাদ মেলত অংশ লৈ মন্ত্ৰী ৰণজিত কুমাৰ দাসে কয় যে প্রধানমন্ত্রী শ্রীমোদীয়ে দৰিদ্ৰসকলৰ কল্যাণৰ হকে কাম কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি কয় যে দুখীয়াক বাসস্থান প্রদান কৰাৰ লগতে এইখন চৰকাৰে বিদ্যুৎ, শৌচালয়, গেছ চিলিণ্ডাৰ, খাদ্য আদি সকলো প্রয়োজনীয় সামগ্রী আগবঢ়াবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীয়ে দেশৰ কেইবা কোটিও লোকক বেংক একাউণ্ট খুলি দিয়াৰ কথাও উল্লেখ কৰে। সংবাদ মেলত বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ দলীয় নেতাই অংশগ্ৰহণ কৰে।
Site Admin | June 15, 2025 8:19 PM | Ranjeet Kr. Das Press Meet at Baksa
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰসকলৰ কল্যাণৰ হকে কাম কৰি আহিছে বুলি মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ মন্তব্য