প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে পশ্চিম বংগ আৰু অসমলৈ আহিব। ভ্ৰমণৰ প্ৰথম দিনা প্রধানমন্ত্রীয়ে কাইলৈ মালডা ৰে’ল ষ্টেচনৰ পৰা ভার্চুবেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্রথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহন চাহিদা অনুযায়ী সম্পূর্ণরূপে শীত-তাপ নিয়ন্ত্রিত এই ৰে’লগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰে’লগাড়ীখনে দূৰণিবটীয়া যাত্রা অধিক ক্ষিপ্র, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। প্রধানমন্ত্রীয়ে লগতে পশ্চিম বংগৰ মালডাৰ এটা অনুষ্ঠানত ৩ হাজাৰ ২৫০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান ৰে’ল আৰু পথ, আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত পশ্চিম বংগত চাৰিটা গুৰুত্বপূৰ্ণ ৰে’ল প্ৰকল্প আছে। এই প্রকল্প চাৰিটাৰ ভিতৰত বলুৰঘাট আৰু দিল্লীৰ মাজৰ নতুন ৰেলপথ, নিউ জলপাইগুৰিৰ পৰৱৰ্তী প্ৰজন্মৰ মালবাহী ৰেলগাড়ীৰ তদাৰক সুবিধা, শিলিগুৰিৰ লোকশ্বেদৰ উন্নয়ন আৰু জলপাইগুৰি জিলাৰ বন্দে ভাৰত ৰে’ল তদাৰক সুবিধাৰ আধুনিকীকৰণ প্ৰকল্প আছে। এই প্রকল্পসমূহে উত্তৰ বংগত যাত্রী আৰু মালবাহী বেল সেৱা সবল কৰি তুলিব আৰু অঞ্চলটোত কর্মসংস্থানৰ নতুন সুবিধা সৃষ্টি কৰিব। প্রধানমন্ত্রীয়ে মালডাৰ পৰা ভার্চুবেল ব্যৱস্থাৰে চাৰিখন নতুন অমৃত ভাবত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। বিয়লিৰ ভাগলৈ প্রধানমন্ত্রীয়ে গুৱাহাটীত প্রায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাবতীয় প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিবেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটীত আহি উপস্থিত হৈছে।
ভ্ৰমণৰ দ্বিতীয় দিনা প্রধানমন্ত্রী মোদীয়ে পৰহিলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল’ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাতলৈ ছহেজাৰ ৯৫৭ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে লগতে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু গুৱাহাটীৰ পৰা ৰোহটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। প্রধানমন্ত্রী মোদী অসম ভ্রমণ সামৰি সেইদিনাই পশ্চিম বংগৰ হুগলী জিলাৰ ছিংণ্ডৰত উপস্থিত হ’ব। তাত তেওঁ ৮ হাজাৰ ৩০ কোটিৰো অধিক টকা মূল্যৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে কলকাতাৰ পৰা অন্য ৰাজ্যলৈ চলাচল কৰিবলগীয়া তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব।