প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীর্ষ সন্মিলনৰ সামৰণি সত্ৰত গুৰুত্বপূৰ্ণ প্রযুক্তিসমূহক উদগণি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদি পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূর্ণ প্রযুক্তিসমূহক উদগণি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদি পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জোহান্সবার্গত আজি জি-২০ নেতৃবৰ্গৰ শীর্ষ সম্মিলনৰ তৃতীয় সত্ৰত “সকলোৰে বাবে নিৰপেক্ষ আৰু ন্যায়পূর্ণ ভবিষ্যত- গুৰুত্বপূর্ণ খনিজ, উপযুক্ত কার্য, কৃত্রিম বুদ্ধিমত্তা বিষয়ত ভাষণ দি তেওঁ কয় যে প্রযুক্তি সদায় বিত্তকেন্দ্ৰীক হোৱাৰ পৰিৱৰ্তে মানৱতাকেন্দ্ৰীক হ’ব লাগে। ই ৰাষ্ট্ৰীয় পৰ্যায়ৰ হোৱাৰ বিপৰীতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ হ’ব লাগে আৰু বিশিষ্ট আৰ্হিৰ পৰিৱৰ্তে মুকলি উৎসৰ ওপৰত আধাৰিত হ’ব লাগে বুলিও তেওঁ কয়। প্রধানমন্ত্রী মোদীয়ে দীর্ঘস্থায়ী বিকাশ, বিশ্বাসযোগ্য বাণিজ্য, নিৰপেক্ষ বিত্ত আৰু সকলোৰে সমৃদ্ধি সুনিশ্চিত কৰিব পৰা ধৰণৰ প্ৰগতিৰ ওপৰতহে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কৃত্রিম বুদ্ধিমত্তাক বিশ্ববাসীৰ উপকাৰ হোৱাকৈ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ মানৱীয় নিৰীক্ষণ, পাৰদৰ্শিতা, দূর্ব্যৱহাৰ প্ৰতিৰোধ, আৰ্হিৰ ক্ষেত্ৰত সুৰক্ষা গ্রহণ আদি দিশত আন্তৰাষ্ট্ৰীয় পর্যায়ত সিদ্ধান্ত গ্রহণৰো পোষকতা কৰে। নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত মেধাৱী লোকৰ আহ-যাহৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে স্মৰণ কৰি শ্রীমোদীয়ে অনাগত বছৰসমূহত এইক্ষেত্রত গোলকীয় কাঠামো গঢ়ি তুলিবলৈ প্রস্তাব আগবঢ়ায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।