প্রধানমন্ত্রী নৰেন্দ্র মোদী পাঁচ দিনীয়া ভ্রমণসূচীৰে চাইপ্ৰাছ, কানাডা আৰু ক্ৰৱেছিয়ালৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি চাইপ্ৰাছ, কানাডা আৰু ক্ৰৱেছিয়াৰ পাঁচ দিনীয়া ভ্রমণসূচীৰে ৰাওনা হ’ব। যাত্ৰাৰ প্ৰথম পৰ্যায়ত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোজ ক্রিষ্টোডনিডেজৰ নিমন্ত্রণ মর্মে আজি দেশখনৰ ৰাজধানী নিকোছিয়াত উপস্থিত হ’ব। এয়া হ’ব দুটা দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম চাইপ্ৰাছ ভ্রমণ। ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ক্ৰিষ্টোডনিডেজৰ সৈতে আলোচনাত মিলিত হ’ব আৰু নিমাছোনত আগশাৰীৰ ব্যৱসায়ীক উদ্দেশ্যি ভাষণ দিব। এই যাত্রাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰি তুলিব আৰু মধ্যসাগৰীয় অঞ্চল তথা ইউৰোপীয় সংঘৰ সৈতে সহযোগিতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্রী মোদী কানাডাৰ প্রধানমন্ত্রী মার্ক কার্নিব নিমন্ত্রণ মর্মে জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্রহণ কৰাৰ উদ্দেশ্যে কাইলৈ কনাডাত উপস্থিত হ’ব। প্রধানমন্ত্ৰীয়ে এইবাৰকে ধৰি একেৰাহে ষষ্ঠবাবৰ বাবে জি-ছেভেন শীৰ্ষ সন্মিলনত ভাগ ল’ব। সন্মিলনত শ্ৰী মোদীয়ে জি-ছেভেন ৰাষ্ট্র, অন্য আমন্ত্রিত দেশৰ নেতৃবৰ্গ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মূৰববীসকলৰ সৈতে শক্তি, সুৰক্ষা, প্রযুক্তি আৰু উদ্ভাৱন বিশেষকৈ কৃত্রিম বুদ্ধিমত্তা শক্তি গোট আৰু কোৱান্টাম সম্পৰ্কীয় বিষয়কে ধৰি গুৰুত্বপূর্ণ গোলকীয় বিষয় নৈ আলোচনা কৰিব। প্রধানমন্ত্রীয়ে লগতে এই সন্মিলনৰ আপাহতে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব।
ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্রধানমন্ত্রী মোদী অহা বুধবাৰে ক্ৰৱেছিয়াত উপস্থিত হ’ব। এয়া হ’ব কোনো ভাৰতীয় প্রধানমন্ত্রীৰ প্রথম ক্ৰৱেছিয়া ভ্রমণ। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ক্ৰৱেছিয়াৰ প্ৰধানমন্ত্রী আন্দ্রেজ প্লেংকোভিছব আক ৰাষ্ট্ৰপতি জোবান মিলানোভিছৰ সৈতে আলোচনাত মিলিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।