ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 11, 2025 8:15 PM | PM Modi

printer

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযানে দেশৰ লাখ লাখ খেতিয়কৰ ভাগ্য সলনি কৰিব বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আয়োজিত বিশেষ অনুষ্ঠানত কৃষি আৰু আনুসংগিক খণ্ডৰ ৪২ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আঁচনি আৰু প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে আজি উদ্বোধন কৰা আঁচনিসমূহে গ্রামাঞ্চলৰ সৱলীকৰণ আৰু কৃষি উদ্ভাৱনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীলতাৰ এটা নতুন যুগৰ সূচনা কৰিব। তেওঁ লগতে দেশৰ কৃষি ব্যৱস্থাৰ দ্রুত উন্নয়ন আৰু সংস্কাৰৰ আৱশ্যকতাৰ বিষয়ে আলোকপাত কৰে।

এন ডি এৰ শাসনকালত লাভ কৰা বিভিন্ন সাফল্যৰ বিষেয় আলোকপাত কৰি শ্রীমোদীয়ে কয় যে বিগত ১১ বছৰত ভাৰতৰ কৃষিজাত ৰপ্তানি প্রায় দুগুণলৈ বৃদ্ধি পাইছে আৰু দেশত খাদ্য সামগ্ৰীৰ উৎপাদন প্রায় ৯ কোটি মেট্রিক টনলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত দেশত ফলমূল আৰু শাক-পাচলিৰ উৎপাদনো ৬৪০ লাখ মেট্রিক টন হোৱা বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। শ্রীমোদীয়ে কয়, যে ভাৰত সম্প্ৰতি গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ এক নম্বৰ স্থানত আছে আৰু মাছ উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে দেশত নতুনকৈ ছটা সাৰ কোম্পানী স্থাপন কৰা হৈছে আৰু বিগত ১১ বছৰত ২৫ কোটি ভূমি স্বাস্থ্য কার্ড বিতৰণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।