ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2025 8:02 PM | Shivraj PMGSY

printer

প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্রী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। গ্রামোন্নয়ন মন্ত্রালয়ে জাৰি কৰা এটা বিবৃতিত এইবুলি কোৱা হৈছে যে বৈঠকত মন্ত্ৰীগৰাকীক প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ ৰাজ্যভিত্তিক অগ্রগতিৰ বিষয়ে অৱগত কৰোৱা হয়। বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য আৰু ছত্তিশগড়কে ধৰি বাওপন্থী উগ্রবাদ প্ৰভাৱিত অঞ্চলসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। শ্রীচৌহানে বিষয়াসকলক উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাম তুৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে তেওঁ শীঘ্রেই উত্তৰ পূৰ্বাঞ্চলৰ বাবে এখন সুকীয়া পৰ্যালোচনা বৈঠকত মিলিত হ’ব বুলি উল্লেখ কৰে। শ্রীচৌহানে বিষয়াসকলক কামৰ গতি ত্বৰান্বিত কৰিবলৈ আৰু ৰাজ্য চৰকাৰৰ সহযোগত যিকোনো সমস্যা ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে। পথ নিৰ্মাণৰ সকলো প্ৰকল্পৰ ক্ষেত্রত উচ্চ মান মানি চলিবলৈ আৰু এনে প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে। বৈঠকত অহা ডিচেম্বৰত ৰাষ্ট্ৰজুৰি প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ ২৫ বছৰীয়া বার্ষিকী উদযাপনৰ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা হয়। শ্রীচৌহানে প্রধানমন্ত্রী গ্রাম চড়ক যোজনাক এটা ঐতিহাসিক উদ্যম বুলি অভিহিত কৰে আৰু এই যোজনাই দেশৰ গ্ৰামাঞ্চলৰ আমূল পৰিৱৰ্তন সাধন কৰা বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।