বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে আজি কয় যে প্রধানমন্ত্রী গতিশক্তিয়ে বৃহৎ পৰিকল্পনা আৰু সুক্ষ্ম ৰূপায়ণৰ মাজত সেঁতু হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ৪ বছৰ পূৰ্ণ হোৱা উপলক্ষে
নতুন দিল্লীত অনুষ্ঠিত কাৰ্যসূচীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে চৰকাৰ আৰু শাসন ব্যৱস্থাৰ প্ৰতিটো খণ্ড অতিক্ৰম কৰিছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী গতিশক্তিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সংহত পৰিকল্পনা আৰু অঞ্চলভিত্তিক উন্নয়নৰ দৃষ্টিভংগীক মূৰ্ত কৰি তুলিছে।
এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী গতিশক্তিৰ অধীনত প্ৰধানমন্ত্ৰী গতিশক্তি ৰাজহুৱা মঞ্চ, এন এম পি ডেচবোৰ্ড আৰু লিপ্চ ২০২৫ কে ধৰি অন্যান্য পদক্ষেপসমূহো মুকলি কৰে।
অনুষ্ঠানত ভাষণ দি বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে কয় যে প্রধানমন্ত্ৰীৰ গতিশক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংহত আৰু প্ৰযুক্তি সক্ষম শাসন ব্যৱস্থাৰ দৃষ্টিভংগীক প্রতিফলিত কৰিছে।
উল্লেখযোগ্য যে ৪ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ১৩ অক্টোবৰত ভিন্ন অর্থনৈতিক মণ্ডলত বহুমুখী আন্তঃগাঁথনিমূলক সংযোগ গঢ়ি তোলাৰ বাবে প্রধানমন্ত্রী গতিশক্তি পৰিকল্পনা মুকলি কৰিছিল। এই পদক্ষেপৰ অধীনত পৰিবহণৰ বিভিন্ন মাধ্যমৰ জৰিয়তে দেশৰ সকলো প্ৰান্তৰ জনসাধাৰণক সুচল আৰু কাৰ্যকৰী সংযোগ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত প্ৰান্তীয় অঞ্চলত বাস কৰা লোকসকলৰ পৰিবহণৰ সময় হ্ৰাস পোৱাৰ লগতে সেই অঞ্চলসমূহৰ জনসাধাৰণৰ সৈতে যোগাযোগ সুচল হৈ উঠিছে। প্রধানমন্ত্ৰীৰ গতিশক্তি অভিযানে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক সমন্বিত কৰি আন্তঃগাঁথনি উন্নয়ন ব্যৱস্থা সংহত কৰি তুলিছে। ইয়াৰ ফলত প্রকল্পসমূহ ৰূপায়ণত সুবিধা হৈছে। প্ৰধানমন্ত্রী গতিশক্তিয়ে ৫৭ টা মন্ত্ৰালয়ৰ উপৰি ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একেখন ডিজিটেল মঞ্চত উপনীত কৰাইছে।