ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 19, 2025 6:38 PM | PM Kissan

printer

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি কৰে। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ ৯ কোটি কৃষকৰ বাবে ১৮ হাজাৰ কোটিৰো অধিক ধন মোকলাই দিয়া হৈছে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাত সমজিলাৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত কৃষি বিভাগৰ বহুকেইগৰাকী বিষয়াও উপস্থিত থাকে।

দৰং জিলাতো কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। তদুপৰি পাথৰিঘাট, দলগাঁও, ৰামহৰি, সৰাবাৰী কৃষি উন্নয়ন বিষয়া কার্যালয় তথা প্ৰতিখন গাঁও পঞ্চায়ততে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। জিলাখনৰ ৮৬ হাজাৰ ৬৪০ গৰাকী হিতাধিকাৰীয়ে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে এই কিস্তিৰ ধন লাভ কৰিছে।

উল্লেখযোগ্য যে কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় সা-সামগ্রী ক্রয় কৰি কৃষকসকলক বিজ্ঞানসন্মত পদ্ধতিৰে আয় বৃদ্ধিত সহায়ক হোৱাকৈ ২০১৯ চনত প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি আঁচনিৰ ৰূপায়ণ কৰা হৈছিল। এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলক দুহেজাৰ টকাকৈ তিনিটা কিস্তিত বছৰি ৬ হেজাৰ টকা আগবঢ়োৱা হয়। এই আঁচনিৰ ২১ সংখ্যক কিস্তিৰ অধীনত অসমে ৩৬৩ কোটি টকা লাভ কৰিছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ১৮ লাখ ১৮ হাজাৰ কৃষক উপকৃত হ’ব।