ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ পঞ্জীয়ন প্ৰক্ৰিয়া ২৫ অক্টোবৰত সামৰণি পৰিব

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প’র্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৫ অক্টোবৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ১৯৩টা কোম্পানীয়ে বৰ্তমানলৈকে প’ৰ্টেলটোৰ জৰিয়তে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ২৫ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই পৰীক্ষামূলক প্ৰকল্পৰ বাবে মুঠ ৮০০ কোটি টকা ব্যয় কৰা হ’ব। চৰকাৰে এই আঁচনিৰ অধীনত ৫ বছৰৰ বাবে ২১ৰ পৰা ২৪ বছৰ বয়সৰ ১ কোটি প্ৰাৰ্থীক এবছৰৰ ইণ্টাৰ্ণশ্বিপ প্ৰদানৰ লক্ষ্য ধাৰ্য কৰিছে। এই আঁচনিৰ অধীনৰ প্ৰাৰ্থীসকলে এবছৰৰ বাবে মাহে ৫ হাজাৰ টকা বিত্তীয় সাহায্য আৰু ছহেজাৰ টকাৰ এককালীন অনুদান লাভ কৰিব।