
প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত কালি ৰাজ্যৰ হিতাধিকাৰীসকলক মঞ্জুৰী পত্ৰ বিতৰণৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বকোৰ গান্ধী ময়দানত উদ্বোধন কৰে। ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীক এই মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ’ব।


কেন্দ্ৰীয়ভাৱে বকোত আয়োজিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বে অতি ন্যূনতম পৰিমাণত আৱণ্টন কৰা ধনৰাশিৰ তুলনাত বৰ্তমান চৰকাৰে এই আঁচনিৰ ঘৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলক ডেৰ লাখকৈ টকা দিয়াটো তাৎপৰ্যপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে।
যোৰহাট জিলাৰ চাৰিওটা বিধানসভা সমষ্টিতো এই অনুমোদন পত্র আনুষ্ঠানিক বিতৰণ কৰা হয়। যোৰহাট বিধানসভা সমষ্টিৰ বাবে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত আৰু তিতাবৰ মৰিয়নি তথা টীয়ক বিধানসভা সমষ্টিতো এই উপলক্ষে অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

লখিমপুৰ জিলাত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ মঞ্জুৰী পত্ৰ মুঠ ৪৫৮টা পৰিয়ালৰ হাতত অৰ্পণ কৰা হয়। এই অনুষ্ঠানত বিধায়ক মানৱ ডেকা, জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। শ্রীভূমি জিলাতো মন্ত্রী কৃষ্ণেন্দু পালৰ উপস্থিতিত ৪,২২৬ গৰাকী হিতাধিকাৰীক নতুন ঘৰ নিৰ্মাণৰ মঞ্জুৰী পত্ৰ প্ৰদান কৰা হয়৷