ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত অহা ৩১ অক্টোবৰৰ ভিতৰত ২৮ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ’বঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত অহা ৩১ অক্টোবৰৰ ভিতৰত ২৮ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। শিৱসাগৰ জিলা আয়ুক্ত সভাকক্ষত আজি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত এখন পর্যালোচনা সভাত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

তেওঁ কয়, যে এই আঁচনিৰ অধীনত ৰাজ্যত ২৮ লাখ গৃহৰ ভিতৰত ২১ লাখৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বাকী থকা ৭ লাখ গৃহৰ নিৰ্মাণকাৰ্য চলি আছে।
উল্লেখযোগ্য যে প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ বাবে আবণ্টিত ৪৩ হাজাৰ বাসগৃহৰ ৩৩ হাজাৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে।