প্রথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

অসমৰ প্রথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ নশ্বৰ দেহ আজি পুৱা চিকিৎসালয়ৰ পৰা তেওঁৰ বাসভৱনলৈ অনা হয়। গুণগ্রাহীসকলে তেওঁৰ বাসগৃহতে, প্রয়াত সাংবাদিক, সাহিত্যিক গৰাকীক শ্রদ্ধা তর্পন কৰিব পাৰিব বুলি পৰিয়ালৰ তৰফৰ পৰা জানিবৰ পৰা গৈছে। পুৱা ১১ বজাত নবগ্রহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত কালি দেহাৱসান ঘটা প্ৰদীপ বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭বছৰ।১৯৩৮ চনত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডনবস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্রহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কণিষ্ঠ পুত্ৰ বৰুৱাই পিতৃৰ সৈতে ট্রিবিউন গোষ্ঠী আৰু সাহিত্য প্রকাশনৰ সৈতে জড়িত হৈছিল। অসম আন্দোলনৰ জটিল পৰিস্থিতিৰ মাজতে ৰাজ্যৰ জাতীয় জীৱনৰ গুৰি ধৰা এটা সাহিত্যিক চেতনা সৃষ্টি কৰি ১৯৮১ চনৰ পহিলা ডিচেম্বৰৰ পৰা তেওঁ প্রখ্যাত সাহিত্যিক ভবেন্দ্র নাথ শইকীয়াক মুখ্য সম্পাদক হিচাপে লৈ প্রান্তিক আলোচনীৰ প্ৰকাশ আৰম্ভ কৰে। বিগত ৪৫ বছৰে আলোচনীখনে ৰাজ্যৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰৱাহ হিচাপে কাম কৰি আহিছে। ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যুৰ পাছৰে পৰা ২২ বছৰ ধৰি প্ৰয়াত বৰুৱাই প্ৰান্তিকৰ সম্পাদক আৰু প্ৰকাশক হিচাপে গুৰুভাৰ বহন কৰি আহিছিল। অসমীয়া সাহিত্য আৰু সাংবাদিকতালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটাকে প্রমুখ্য কৰি বহুকেইটা বঁটা লাভ কৰিছিল। ২০২৪ বৰ্ষত তেওঁলৈ অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু আর্থসামাজিক ন্যাসে অসম জাতীয় বিদ্যালয় সন্মান আগবঢ়োৱাৰ লগতে তেওঁৰ জীবন ভিত্তিক তথ্য চিত্র প্রান্তিক নির্মাণ কৰিছিল। ২০১৮ চনত তেওঁৰ আত্মজীৱনী স্বগতোক্তি প্রকাশ পাইছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রবীণ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ পত্নী মায়া বৰুৱা আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।