প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। সমগ্র শিক্ষা অসমৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা কৰা হয়।

 

এই বৈঠকতে ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ প্ৰণয়ন আৰু বিতৰণৰ পৰিকল্পনা তথা সময়সীমা নিৰ্ধাৰণ কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে বিনামূলীয়া পাঠ্যপুথিৰ সবিশেষ তথ্য আৰু বিতৰণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ ক্ষেত্ৰত শিক্ষা সেতুৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে।