ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রতিকুল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত দুৰ্গাক বিসর্জন প্রক্রিয়া

■ ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ’ব।
প্রতিকুল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত বিসর্জন প্রক্রিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালিকে ধৰি পাঁচটা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘব কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীত এইবাৰ ৫ শতাধিক পূজা সম্পন্ন হোৱা হেতুকে পর্যায়ক্রমে লাচিত ঘাট আৰু পাণ্ডু ঘাটত আজি আৰু কাইলৈ প্রতিমাসমূহ বিসর্জন দিব পাৰিব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।
শিৱসাগৰ জিলাৰ থানামুখ অঞ্চলৰ দিখৌ নৈৰ ঘাটত কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন পৰ্ব অনুষ্ঠিত হয়। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ১৯ খন পূজা মণ্ডপৰ মৃণ্ময় মূৰ্তিসমূহ নিৰাপদভাৱে বিসৰ্জন দিয়া হয়।
ডিব্ৰুগড় জিলা প্রশাসনে জিলাখনৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰিছে। জিলাখনৰ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাঘাট, চাবুৱা, টিংখাং আদি অঞ্চলৰ পূজা সমিতিসমূহে দিহিং, চেঁচাকে ধৰি নদীসমূহত মৃণ্ময় মূর্তিসমূহ বিসর্জন দিয়ে।
যোৰহাট জিলাৰ পূজাডুবি বিসর্জন ঘাটত কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰতিমাসমূহ বিসর্জন দিয়া হয়।
ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে ধেমাজিতো শান্তিপূর্ণভাৱে বিসর্জন প্রক্রিয়া চলি আছে। তেলিজান নৈৰ ঘাট, জোনাইৰ তিনিমাইল, ঐৰামঘাট, লিকাবালি, সোৱণশিৰিৰ ঘাটত কেইবাখনো মণ্ডপৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়।
ডিমা হাচাওৰ হাফলঙতো যথা ৰীতি-নীতিৰে বিজয়া দশমী উদযাপন কৰা হয়। জিলাখনৰ প্ৰায় ২০ খন পূজা সমিতিয়ে শোভাযাত্ৰাৰ অন্তত দিয়ুং নৈত প্ৰতিমাসমূহ বিসর্জন দিয়ে।
কাছাৰ জিলাতো আজি দেৱী দুৰ্গাৰ বিসৰ্জন পৰ্ব অব্যাহত আছে। শিলচৰৰ সদঘাট বিসৰ্জনস্থলীত বৰাক নৈত পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হৈছে। ইয়াৰ আগেয়ে মহিলাসকলে পৰস্পৰক মিঠাই খুৱাই সেন্দূৰ খেলি স্বামীৰ দীৰ্ঘায়ু কামনা কৰে। উল্লেখযোগ্য যে, জিলাখনত এইবাৰ এহেজাৰ ৫৯২ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে।
শ্রীভূমি জিলাৰ বদৰপুৰ বিসৰ্জন ঘাট, মালুৱা, শ্রীগৌৰ ঘাটসহ প্ৰধান প্ৰধান ঘাটসমূহত বিসর্জন প্রক্রিয়া অব্যাহত
গোৱালপাৰা জিলাৰ ৩৬ খন পূজা সমিতিয়ে চহৰখনৰ কাছাৰীঘাটত প্ৰতিমাসমূহ বিসৰ্জন দিয়ে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লগতে অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ অৰ্ধশতাধিক পূজা মণ্ডপত বিজয়া দশমী উদযাপন কৰা হয়। প্ৰতিখন পূজা মণ্ডপত বিবাহিতা মহিলাসকলৰ মাজত পৰম্পৰাগত সেন্দূৰ খেলাৰ আয়োজন কৰা হয়। সেন্দূৰ খেলাৰ অন্তত যথাবিহিত ৰীতি-নীতিৰে প্ৰতিমাসমূহ বিসর্জন দিয়া হয়। উল্লেখযোগ্য যে জিলাখনৰ মুঠ ৪২ খন পূজাৰ প্ৰতিমাসহ মেঘালয়ৰ হেলিডেগঞ্জ আৰু ফুলবাৰী এলেকাৰ অৰ্ধশতাধিক প্রতিমা ছটাকৈ ঘাটত বিসৰ্জন দিয়া হ’ব।
দৰং জিলাত আজি দিনৰ ১২ বজাত বিসর্জন পৰ্ব আৰম্ভ হয়। এই প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আৰক্ষী, এছ ডি আৰ এফ আৰু অন্যান্য বিভাগৰ কৰ্মীসকলক সষ্টম কৰি ৰখা হৈছে।
ধুবুৰী জিলাৰ তিনিটা ঘাটত বৈদিক নীতি-নিয়মেৰে দেৱী বিসর্জন প্রক্রিয়া চলি আছে।
বৰপেটা জিলাতো শান্তিপূর্ণভাৱে বিজয়া দশমী উদযাপন কৰা হয়। জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা নীতি- নিৰ্দেশনাৰ মাজেৰে ঘাটসমূহত বিসর্জন প্রক্রিয়া চলি আছে। বৰপেটাৰ পূজা মণ্ডপৰ প্ৰতিমাসমূহ চাউলখোৱা নদীত বিসর্জন দিয়া হৈছে। বিজয়া দশমী উপলক্ষে ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয়ত বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটে।
বিজয়া দশমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দৌপদী মুৰ্মুৱে সমগ্ৰ দেশৱাসীক শুভেচ্ছা জনাইছে। এই উৎসৱে ন্যায়, সমতা আৰু সমন্বয়ৰ সৈতে একগোট হৈ আগবাঢ়িবলৈ সকলোকে অনুপ্রাণিত কৰিব বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মু্ৰ্মুৱে প্ৰকাশ কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিজয়া দশমী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি কয়, যে বিজয়া দশমী অশুভ আৰু অসত্যৰ ওপৰত শুভ আৰু সত্যৰ বিজয়ৰ প্ৰতীক। এই পৱিত্ৰ উৎসৱে সকলোকে সাহস, বুদ্ধি আৰু ভক্তিৰ পথেৰে নিৰন্তৰ অগ্ৰসৰ হোৱাৰ বাবে প্ৰেৰণা যোগাব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে।