ডাউনলোড
মোবাইল এপ

android apple
signal

June 26, 2025 10:44 AM | PM Meet

printer

প্রগতি শীর্ষক ৪৮ সংখ্যক বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্রগতি শীর্ষক ৪৮ সংখ্যক বৈঠকত অধ্যক্ষতা কৰি খনি, ৰে’লৱে আৰু জলসম্পদৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পত পর্যালোচনা কৰে। বৈঠকত অর্থনৈতিক বিকাশ আৰু জনকল্যাণৰ বাবে গ্ৰহণ কৰা এই প্রকল্পসমূহৰ সময়সীমা, আন্তঃসংস্থা সমন্বয় আৰু বিভিন্ন বিষয়ৰ সমাধানৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে কয়, যে এই প্রকল্পসমূহ সম্পূৰ্ণ কৰি তোলাত পলম হ’লে বিত্তীয় ব্যয় বৃদ্ধি পায় আৰু নাগৰিকক সময়মতে প্রয়োজনীয় সেৱা তথা আন্তঃগাঁথনিৰ সুবিধা প্ৰদানতো বাধাৰ সৃষ্টি হয়।
শ্রীমোদীয়ে প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ পৰ্যালোচনা কৰি সকলো ৰাজ্যকে স্বাস্থ্য আন্তঃগাঁথনিৰ বিকাশ ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। এইক্ষেত্ৰত অভিলাষী জিলাসমূহত বিশেষ গুৰুত্ব প্ৰদানৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলে গুণগত স্বাস্থ্যসেৱা লাভ কৰাটো নিশ্চিত কৰা উচিত। আয়ুষ্মান ভাৰত অভিযানে ৰাজ্যসমূহক গুণগত স্বাস্থ্যসেৱা প্ৰদান কৰাৰ ব্যৱস্থাক শক্তিশালী কৰাৰ সোণালী সুযোগ প্ৰদান কৰিছে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক