প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রখ্যাত অভিনেতা তথা গায়ক প্রশান্ত তামাঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । তামাঙৰ পত্নী শ্ৰীমতী মার্থা আলে তামাঙক উদ্দেশ্যি এখন শোক পত্ৰত প্রধানমন্ত্রীয়ে কয় যে প্রশান্ত তামাঙে মনোৰঞ্জনৰ জগতখনত নিজৰ বাবে এক সুকীয়া স্থান খোদিত কৰিছিল। তামাঙক দৃঢ়তা আৰু অপৰিসীম প্রতিভাৰ প্ৰতীক বুলি অভিহিত কৰি মোদীয়ে উল্লেখ কৰে যে তেওঁৰ জীৱন আৰু কৃতিত্বই তেওঁৰ যাত্ৰাত নিজৰ আশা প্ৰতিফলিত হোৱা অগণন ব্যক্তিক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে প্রশান্ত তামাঙৰ জীৱন কাহিনীয়ে যুৱক-যুৱতীসকলক তেওঁলোকৰ সপোনক বিশ্বাস কৰিবলৈ প্ৰেৰণা যোগাব আৰু সেই সপোন পূৰণৰ বাবে অদম্যভাৱে কাম কৰিব। শ্রীমোডীৱে লগতে তামাংৰ পৰিয়ালৰ সদস্য আৰু তেওঁৰ অগণন গুণমুগ্ধসকলক এই ক্ষতি সহ্য কৰিব পৰা শক্তি আৰু ধৈৰ্য্য প্ৰদান কৰিবলৈ প্ৰাৰ্থনা কৰে।
পশ্চিম বংগৰ দাৰ্জিলিঙৰ ৪৩ বছৰীয়া তামাঙৰ দেওবাৰে দিল্লীৰ বাসস্থানত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।
Site Admin | January 13, 2026 8:57 PM | Akashvani | Akashvani News | PMO India | PMO Modi
প্রখ্যাত অভিনেতা তথা গায়ক প্রশান্ত তামাঙৰ মৃত্যুত প্রধানমন্ত্ৰীৰ শোক প্ৰকাশ