ভাৰতত উলহ-মালহেৰে পালন কৰা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কালি কেইবাগৰাকীও বিশ্ব নেতাই ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। হোৱাইট হাউচৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে দীপাৱলী হৈছে আন্ধাৰৰ বিপৰীতে পোহৰৰ বিজয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দীপাৱলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই কয়, যে এই দীপাৱলী আশা, নতুনত্ব আৰু শুভ শক্তিৰ প্ৰতীক। এই উৎসৱে প্ৰত্যেকৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলিও ৰাষ্ট্ৰপতি ট্রাম্পে আশা প্ৰকাশ কৰে। এফ বি আইৰ সঞ্চালক খাছ পেটেলেও দীপাৱলী উপলক্ষে জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জনায়। আমেৰিকাত থকা ভাৰতীয় দূতাৱাসৰ তৰফৰ পৰাও দীপাৱলী উৎসৱৰ শুভেচ্ছা জনাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিশেষ প্রতিনিধি চাৰ্গিঅ’ গ’ৰে আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় মোহন কোৱাট্টাৰ সৈতে ইণ্ডিয়া হাউছত দীপাৱলী উদযাপন কৰে।
কানাডাৰ প্ৰধানমন্ত্রী মার্ক কার্নেও দীপাৱলী উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতত থকা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আব্দুলনাছেৰ অলশ্বাহলীয়ে দীপাৱলীৰ শুভেচ্ছা জনাই কয়, যে ভাৰতত তেওঁৰ যাত্ৰা আৰম্ভ হোৱাৰে পৰা তেওঁ দীপাৱলী উদযাপন কৰি আহিছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন ন্যাতানেহুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয়সকললৈ দীপাৱলীৰ শুভেচ্ছা জনাইছে। একেদৰে ব্ৰিটেইনৰ কীৰ ষ্টাৰমাৰ, ইউক্রেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু ছিংগাপুৰৰ নেতাসকলেও দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ফিনলেণ্ড, অষ্ট্রিয়া, ব্ৰাজিল, ছুইজাৰলেণ্ড, ইউৰোপীয় সংঘৰ কূটনৈতিক মিছনৰ পৰাও ভাৰতবাসীলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন অঞ্চলত যোৱা ১৮ অক্টোবৰৰ পৰা ৫ দিনীয়াকৈ দীপাৱলী উদযাপন কৰা হৈছে।
Site Admin | October 21, 2025 10:47 AM | Diwali wishes by World Leader
পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কেইবাগৰাকীও বিশ্ব নেতাৰ ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন
