পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক অনুষ্ঠিত

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়ে গুৰুত লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্রধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ৬০ জয়শংকৰে কয়, যে ভাৰতে ঐতিহাসিকভাৱে পোলেণ্ডৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। শেহতীয়াকৈ দেশখনৰ সৈতে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বিনিময় তথা অর্থনৈতিক সহযোগিতাপূর্ণ সম্পর্ক স্থাপন হৈছে। আজি বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। তদুপৰি, প্ৰতিৰক্ষা, নিৰাপত্তা, শক্তি আৰু ডিজিটেল অংশীদাৰিত্ব সন্দৰ্ভতো আলোচনা কৰা হয় বুলি ড০ জয়শংকৰে জানিবলৈ দিয়ে। পোলেণ্ডৰ সৈতে ভাৰতে কৰা বাণিজ্য ৭ বিলিয়ন ডলাৰতকৈ বৃদ্ধি হৈছে বুলি ড০ জয়শংকৰে প্ৰকাশ কৰে। ভাৰতে পোলেণ্ডত ৩ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰি দেশখনৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপনৰ সুযোগ দিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।