ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পোপ ফ্রান্সিছক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইদেনৰ Presidential medal of Freedom প্ৰদান

আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইদেনে কালি পোপ ফ্রান্সিছক টেলিফোনযোগে ৰাষ্ট্ৰপতিৰ স্বাধীনতা পদক (Presidential medal of Freedom) প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি বাইদেনে বিশ্বজুৰি শান্তি গঢ়ি তোলা আৰু মানুহৰ দুখ কষ্ট লাঘৱ কৰাত পোপৰ প্ৰচেষ্টাৰ দিশতো আলোকপাত কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি বাইদেনে কয়, যে পোপ ফ্ৰান্সিছক নম্ৰতা আৰু দয়ালু স্বভাৱ প্ৰকাশৰ উৰ্ধত। পোপ সন্দৰ্ভত দিয়া বিবৃতিত বাইদেনে সমগ্র আৰ্জেণ্টিনাত ধৰ্মীয় নেতাগৰাকীয়ে কণ্ঠহীন আৰু আতৰ্জনৰ সেৱাত জীৱন আগবঢ়োৱা কাৰ্যৰ প্ৰশংসা কৰে । উল্লেখযোগ্য যে, বাইদেনৰ ৪ বছৰীয়া কাৰ্যকালত প্ৰথমবাৰৰ বাবে এই পদক পোপলৈ আগবঢ়াইছে বুলি হোৱাইট হাউচ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এসপ্তাহ পূর্বে বাইদেনে বিভিন্ন ক্ষেত্ৰত ১৯ জন লোকক প্ৰেছিডেন্সিল মেডেল অৱ ফ্রিডম আগবঢ়াইছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।