ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা খেলুৱৈক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা বাবে শাৰদ কুমাৰ, মাৰিয়াপ্পান থাংগাৱেলু, অজিত সিং আৰু সুন্দৰ সিঙক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছৰ পুৰুষৰ হাই জাম্পত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা স্বাগত কুমাৰ আৰু মাৰিয়াপ্পান থাংগাৱেলুক অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, তেওঁলোকৰ এই প্ৰাপ্তি হৈছে সুন্দৰ ধাৰাবাহিক প্ৰদৰ্শনৰ উদাহৰণ। তেওঁ কয় যে, তেওঁলোকৰ এই সফলতাই সকলোকে প্ৰেৰণা যোগাব । পুৰুষৰ জেভলিন থ্ৰত অজিত সিং আৰু সুন্দৰ সিং গুৰজাৰে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে । শ্ৰীমতী মুর্মুৱে কৈছে যে, তেওঁলোকৰ এই পদক বিজয়ে সুমিত আন্তিলৰ সোণৰ পদকৰ পাছত জেভলিন এত ভাৰতৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। তেওঁ দুয়োগৰাকীয়ে খেলুৱৈৱে দেশৰ হৈ আৰু পদক জয় কৰি গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰিছে । উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অজিত সিং আৰু সুন্দৰ সিং গুৰজাৰৰ এই বিজয়ৰ বাবে তেওঁলোকৰ আত্মোৎসর্গ মনোভাৱক প্ৰশংসা কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ভাৰতে তেওঁলোকৰ বাবে গৌৰৱ অনুভৱ কৰিছে। তেওঁ খেলুৱৈ দুয়োগৰাকীয়ে ভৱিষ্যতে আৰু অধিক সন্মান কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰাৰ লগতে তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰে। শাৰদ কুমাৰ আৰু মাৰিয়াপ্পান থাংগাৱেলুক অভিনন্দন জনাই তেওঁ কয় যে, দেশে তেওঁলোকৰ বিজয়ত গৌৰৱ অনুভৱ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও খেলুৱৈকেইগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰে। খেলুৱৈসকলৰ দক্ষতা, ধৈৰ্য্য আৰু আত্মনিবেদনৰ মনোভাৱক প্রধানমন্ত্ৰীয়ে ভূয়সী প্রশংসা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।