ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱিনেশ ফোগত

ভাৰতৰ ৱিনেশ ফোগতে আজি ইউক্রেইনৰ অ’কছানা লিভাচক ৭-৫ ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৱিনেশ ভাৰতীয় সময় অনুসৰি আজি নিশা ১০ বাজি ২৫ মিনিটত হবলগীয়া ছেমি ফাইনেলত কিউবাৰ য়ুজনেলিছ গুজমান লোপেজ অথবা লিথুয়েনিয়াৰ গাবিজা দাইলেটৰ সন্মুখীন হ’ব। ইপিনে, নিজ চোপ্ৰাই পুৰুষৰ জেভলীনত যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত ৮৯ দশমিক ৩-৪ মিটাৰ দূৰত্বলৈ জেভলীন নিক্ষেপ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অৱশ্যে দেশৰ আন এগৰাকী খেলুৱৈ কিশোৰ জেনাই ফাইনেলত স্থান লাভ কৰিবলৈ ব্যৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে জেভলীনৰ গ্ৰুপ এৰ যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত পঞ্চদশ স্থান দখল কৰে। টেবল টেনিছত ভাৰতৰ পুৰুষ দলটো চীনৰ হাতত ৩-০ ফলাফলত পৰাজিত হৈ প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। ভাৰতীয় পুৰুষ হকী দলটো জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হোৱা হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা
১০.৩০ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।