ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনীৰ এদিন পূৰ্বে আজি ভাৰতৰ নিজৰ অভিযান আৰম্ভ

ভাৰতে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে আজি নিজৰ অভিযান আৰম্ভ কৰিব। ভাৰতৰ দিপীকা কুমাৰী, অংকিতা ভকত, ভজন কৌৰ, বি ধীৰাজ, তৰুণদ্বীপ ৰায় আৰু প্ৰবীণ যাদৱে আৰ্চাৰীৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰ্চাৰীৰ পৰৱৰ্তী পৰ্যায়ৰ খেলসমূহ অহা ২৮ জুলাইৰ পৰা ৪ আগষ্টলৈ খেলোৱা হ’ব। মহিলাৰ ৰেংকিং ৰাউণ্ডৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত আৰু পুৰুষ ৰেংকিং ৰাউণ্ডৰ খেলসমূহ বিয়লি ৫ -৪৫ মিনিটত আৰম্ভ হ’ব।