ডাউনলোড
মোবাইল এপ

android apple
signal

August 12, 2024 11:44 AM

printer

পেৰিছ অলিম্পিকত ভাৰতীয় এথলীটৰ প্ৰদৰ্শনত প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত ভাৰতীয় এথলীটসকলৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰিছে। তেওঁ কয় যে, সকলো এথলীটে উৎকৃষ্ট প্রদর্শন আগবঢ়ালে আৰু তেওঁলোকক লৈ প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত। সামাজিক মাধ্যম এক্সৰ এটা প’ষ্টত শ্রীমোদীয়ে উল্লেখ কৰে যে, পেৰিছ অলিম্পিকৰ সামৰণিৰ লগে লগে তেওঁ ইয়াত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈকে ধৰি আন সদস্যসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ লগতে খেলুৱৈসকলক অনাগত খেলসমূহৰ বাবেও শুভেচ্ছা জনায়। উল্লেখযোগ্য যে এইবাৰৰ অলিম্পিকত ভাৰতৰ মুঠ ১১৭ গৰাকী এথলীটে ১৬ বিধ বিভিন্ন ক্রীড়াত অংশগ্ৰহণ কৰিছিল।