ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 17, 2024 12:45 PM | Olympics

printer

পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ছয়জনীয়া ভাৰতীয় টেবুল টেনিছ দলৰ নেতৃত্বত মণিকা বাট্ৰা আৰু শৰথ কমল

ভাৰতৰ তাৰকা খেলুৱৈদ্বয় মণিকা বাট্ৰা আৰু শৰথ কমলে চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ছয়জনীয়া ভাৰতীয় টেবুল টেনিছ দলৰ নেতৃত্ব দিব। ভাৰতীয় টেবুল টেনিছ পৰিষদে কালি দলৰ সদস্যসকলৰ নাম ঘোষণা কৰে । আটাইকেইগৰাকী খেলুৱৈক বিশ্ব ৰেংকিঙৰ ভিত্তিত নিৰ্বাচন কৰা হৈছে। পুৰুষৰ দলটোত শৰথ কমলৰ লগত মানৱ ঠক্কৰ আৰু ৰাষ্ট্ৰীয় চেম্পিয়ন হৰমীত দেশাইক স্থান দিয়া হৈছে। একেদৰে, মহিলাৰ দলটো মণিকা বাট্ৰাৰ লগতে শ্ৰীজা আকুলা আৰু অৰ্চনা কামাথেৰে গঠন কৰা হৈছে। ইপিনে, জ্ঞানছেকৰণ ছাথিয়ানক পুৰুষ আৰু আয়হিকা মুখার্জীক মহিলা দলৰ ৰিজাৰ্ভ খেলুৱৈ হিচাপে ঘোষণা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।