ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইছ ৱান শিতানত ব্ৰঞ্জ জয়ী ৰুবিনা ফ্ৰান্সিছক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰীৰ অভিনন্দন

ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ আজি পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনা বিভিন্ন শিতানৰ পদকৰ যুঁজত অৱতীৰ্ণ হৈছে। ৰবি ৰংগোলীয়ে পুৰুষৰ শ্বটপুটত পঞ্চম স্থানত থমকি ৰব লগা হয়। আনহাতে নিশাদ কুমাৰে নিশা প্ৰায় ১০ বাজি ৪০ মিনিটত পুৰুষৰ হাই জাম্পৰ টি-ফৰ্টি চেভেন শিতানৰ ফাইনেলত অৱতীৰ্ণ হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইছ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰুবিনা ফ্ৰান্সিছক অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা শুভেচ্ছা বার্তাত কয় যে, এয়া দেশৰ বাবে সঁচাকৈয়ে গৌৰৱৰ ক্ষণ। ৰুবিনাৰ অসাধাৰণ একাগ্ৰতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে উল্লেখনীয় সফলতা কঢ়িয়াই অনা বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে । কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াও ৰুবিনাক অভিনন্দন জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।