পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে চেনাব নদীৰ বাগলিহাৰ বান্ধৰ মাজেৰে যোৱা পানীৰ সোঁত বন্ধ কৰি দিছে। আকাশবাণী জন্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰতে সিন্ধু নদীৰ পৰা পাকিস্তানলৈ এক টোপাল পানীও যাবলৈ নিদিয়া সিদ্ধান্ত গ্ৰহণ কৰি বাগলিহাৰ বান্ধৰ পৰা পানীৰ প্ৰবাহ বন্ধ কৰিছে। ভাৰতে ঝেলাম নদীৰ কিষাণ গংগা বান্ধটো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। জম্মু সংমণ্ডলৰ ৰামবন জিলাৰ বাগলিহাৰ আৰু উত্তৰ কাশ্মীৰৰ কিষাণ গংগা জলবিদ্যুৎ বান্ধে ভাৰতক পানী এৰি দিয়াৰ সময় নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদান কৰে। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে ২২ এপ্ৰিলৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে বহু দশক পুৰণি সিন্ধু জলচুক্তি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Site Admin | May 5, 2025 8:20 PM | Akashvani Guwahati | Akashvani News | India and Pakistan | pahalgam | Pak Terrorist
পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী পদক্ষেপ গ্ৰহণ
