ডাউনলোড
মোবাইল এপ

android apple
signal

June 22, 2025 7:20 PM | NIA Arrest

printer

পেহেলগাম ঘটনাৰ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ

পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ আক্ৰমণৰ ঘটনাটোৰ অনুসন্ধান চলাই থকা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এন আই এ-ই দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আক্রমণ সংঘটিত কৰা সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত এই লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। অনুসন্ধানকাৰী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰা মতে, বাটকোট অঞ্চলৰ বাসিন্দা পাৰভেজ আহমদ যোথাৰ আৰু পেহেলগামৰ হিল পার্ক এলেকাৰ বাসিন্দা বছিৰ আহমদ যোথাৰ নামৰ ধৃত লোক দুজনে পেহেলগামৰ ঘটনাটোৰ সৈতে জড়িত ৩ জন সন্ত্রাসবাদীক চিনাক্ত কৰিছে। এই সন্ত্ৰাসবাদী কেইটা লস্কৰ ই তৈবা সৈতে জড়িত পাকিস্তানী নাগৰিক বুলি লোক দুজনে নিশ্চিত কৰাৰ বিষয়ে সংস্থাটোৱে জানিবলৈ দিয়ে। এন আই এ লগতে প্ৰকাশ কৰা মতে, পাৰভেজ আৰু বছিৰে জানি বুজিয়েই ৩ টা সশস্ত্র সন্ত্রাসবাদীক হিল পাৰ্কৰ এটা জুপুৰীত আশ্ৰয় দিছিল। বেআইনী কার্যকলাপ প্রতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা এই লোক দুজনে সন্ত্রাসবাদী তিনিটাক খাদ্য যোগানকে ধৰি আশ্ৰয়ৰ সকলো ব্যৱস্থা কৰি দিছিল বুলিও সংস্থাটোৱে বিবৃতিযোগে প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।