পেহেলগামৰ ঘটনাক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী শ্ব’ য়ানক শলাগ

দক্ষিণ কোৰিয়াই এপ্ৰিলত সংঘটিত পেহেলগাম সন্ত্ৰাসবাদী আক্রমণক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশখনৰ বিদেশ মন্ত্ৰী শ্ব’ য়ানৰ শলাগ লৈছে। নতুন দিল্লীত আজি শ্ৰীয়ানৰ সৈতে হোৱা আলোচনাৰ আৰম্ভণিতে ড০ জয়শংকৰে কোৰিয়াৰ ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস উপলক্ষে অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীক ওলগ জনায়। দুয়োগৰাকী বিদেশ মন্ত্ৰী মাজত হোৱা আলোচনাত প্ৰতিৰক্ষা, সুৰক্ষা, ব্যৱসায়, অর্থনীতি, যোগাযোগ আৰু জনসম্পর্ককে ধৰি বিভিন্ন বিষয়ে স্থান লাভ কৰে।