ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ প্ৰতি শ্ৰদ্ধাৰ লগতে ঘটনাৰ প্ৰতিবাদৰূপে লাডাখৰ লেহ অঞ্চলত পুৱাৰে পৰা বিয়লিৰ ভাগলৈ শান্তিপূৰ্ণ বন্ধ পালন

কাশ্মীৰৰ পেহেলগামত কালি সংঘটিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে এই ঘটনাৰ প্ৰতিবাদৰূপে আজি লাডাখৰ লেহ অঞ্চলত পুৱাৰে পৰা বিয়লিৰ ভাগলৈ শান্তিপূৰ্ণ বন্ধ পালন কৰা হয়। বন্ধৰ সময়ছোৱাত অঞ্চলটোৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ থাকে। লেহৰ পাৰ্বত্য পৰিষদে মুখ্য কাৰ্যবাহী কাউন্সিল টাশি গেল্যিশ্বনৰ অধ্যক্ষতাত এখন শোকসভা অনুষ্ঠিত কৰাৰ লগতে এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ স্মৃতিত ২ মিনিট সময় মৌন প্রার্থনা কৰে৷ ইপিনে, লাডাখ বুদ্ধিষ্ট এছোছিয়েছন, অঞ্জুমান ইমামিয়া, অঞ্জুমান মইন উল ইছলাম, খ্ৰীষ্টীয়ান এছোছিয়েছন, সদৌ লাডাখ গনপা এছোছিয়েছন আৰু সদৌ লাডাখ ট্রেভেল এণ্ড ট্রেড এছোছিয়েছনকে ধৰি সকলো ধৰ্মৰ নেতাসকলে পেহেলগামৰ নৃশংশ আক্ৰমণৰ ঘটনাৰ গৰিহণা দি সংবাদ মেল অনুষ্ঠিত কৰে। গধুলি লেহ বজাৰত অঞ্চলটোৰ লোকসকলে মমবাতি জ্বলাই সন্ত্রাসবাদী আক্ৰমণত নিহত লোকসকলৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে প্ৰাৰ্থনা জনায়।
কার্গিল অঞ্চলতো কালি পেহেলগামৰ নিৰীহ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি পুৱাৰে পৰা বিয়লিৰ ভাগলৈ বন্ধ পালন কৰা হয়। বন্ধৰ সময়ছোৱাত অঞ্চলটোৰ সকলো দোকান-পোহাৰ আৰু ব্যৱসায়িক প্রতিষ্ঠান বন্ধ থাকে। কাৰ্গিলৰ জনসাধাৰণে এই নৃশংস ঘটনাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে ন্যায়ৰ দাবী জনায়। অঞ্চলটোৰ জনসাধাৰণে এই ঘটনাক কাপুৰুষালী বুলি অভিহিত কৰাৰ লগতে ভৱিষ্যতলৈ এনে ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে চৰকাৰক ব্যৱস্থা লবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।