ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা

জম্মু-কাশ্মীৰৰ পেহেলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীতে উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা পৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যই পত্নী-পুত্ৰৰ সৈতে বেইচৰণ উপত্যকাত ভ্ৰমণৰ বাবে গৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেৱাশীষ ভট্টাচাৰ্যৰ পৰিয়ালটোৱে আন বহুতৰে সৈতে গছ-গছনিৰ আঁৰত লুকাই আছিল যদিও সন্ত্ৰাসবাদীৰ দলটোৱে তেওঁলোকক বিচাৰি উলিয়ায়। সন্ত্রাসবাদীকেইটাৰ সন্মুখত কলিমা পাঠ কৰাৰ বাবেই পৰিয়ালটোলৈ গুলীচালনা নকৰিলে বুলি দেৱাশীষ ভট্টাচাৰ্যই আমাৰ শিলচৰৰ সংবাদদাতা আখীৰাণী দাসক টেলিফোনযোগে জনায়। প্রায় দুঘণ্টা সময় সমীপতে আশ্ৰয় লৈ পৰৱৰ্তী সময়ত পৰিয়ালটোৱে এখন বাহনত শ্ৰীনগৰলৈ ৰাওনা হয়। পৰিয়ালটো বৰ্তমান নিৰাপদে আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।