ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কাশ্মীৰত আৱদ্ধ হৈ থকা পৰ্যটক যাত্ৰীসকলক কঢ়িয়াই অনাৰ বাবে শ্রীমাতা বৈষ্ণোদেৱী কাটাৰ ষ্টেছনৰ পৰা নিশা ৯ বাজি ২০ মিনিটত এই ৰেলখনে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিব। ৰে’লৱেই যাত্ৰীসকলৰ সুবিধার্থে কেবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। ইয়াৰে জম্মু টাৱি ষ্টেছনৰ যাত্ৰীসকলৰ বাবে ০১৯১-২৭৪৭০১১৬ শ্রীমাতা বৈষ্ণোদেৱী কাটৰা ষ্টেছনৰ যাত্ৰীসকলৰ বাবে ০১৯৯১-২৩৪৮৭৬ আৰু উধামপুৰ ষ্টেছনৰ যাত্ৰীসকলৰ বাবে ৭৭১৭৩০৬৬১৬ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।
এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত শ্ৰীনগৰৰ পৰা দিল্লী আৰু মুম্বাইলৈ ৪ খন বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়োজনত এই বিমানৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৱে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ইপিনে, ৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথটো যান বাহন চলাচলৰ বাবে এতিয়াও মুকলি কৰি দিয়া নাই। পথটো অনতি পলমে মুকলি কৰাৰ বাবে ক্ষীপ্ৰ গতিত কাম চলি আছে।